নলবাৰীত চিইচিৰ চিত্ৰাংকন প্ৰতিযোগিতা
অসমৰ এক অগ্ৰণী শিক্ষা-প্ৰতিষ্ঠান চি.ই.চিৰ নলবাৰী শাখাৰ সৌজন্যত 5 জুলাই তাৰিখে নলবাৰী কলেজ প্ৰাংগনত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল৷
কোনো প্ৰবেশ মাচুল নথকা এই প্ৰতিযোগিতাখনৰ অংশগ্ৰহণকাৰীসকলক শ্ৰেণী অনুসৰি চাৰিটা বিভাগত ভগোৱা হৈছিল৷ এই চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰায় চাৰিশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ চিইচিৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত দীপাংকৰ দত্তদেৱৰ উপস্থিতিত উক্ত দিনাই অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত প্ৰতিযোগিতাখনৰ প্ৰত্যেক গ্ৰুপৰ বিজয়ীলৈ প্ৰমাণপত্ৰৰ সৈতে পুৰস্কাৰ প্ৰদান কৰা হয়৷






















