CEC centre inaugurated at Tamulpur
We are thrilled to announce the Grand Opening of our new CEC Centre, located at Tamulpur. The CEC Tamulpur centre was inaugurated by Sri Narayan Brahma, Retd. Principal, Tamulpur Higher Secondary School in presence of Dipankar Dutta, the Founder President of CEC, Sri Jiban Kalita, Pradhan Acharjya, Sankardev Sishu Niketan, Tamulpur, Sri Harinarayan Kalita, Asst. Professor, Govt. Model Women College, Bilasipara and many dignitaries on 8th June,2025. The dignitaries also felicitated meritorious students of Tamulpur area during the Opening ceremony program.
=============
Address of CEC Tamulpur centre : Above Axis Bank, Bareigaon, Bhutan Road. Ph: 60036-62398, 98649 24794



তামুলপুৰত চিইচিৰ নতুন শাখা মুকলি
——————————————
অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কম্পিউটাৰ আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গৌৰৱোজ্জ্বল ৩১তম বৰ্ষ সম্পূৰ্ণ কৰা অসমৰ এক অগ্ৰণী শিক্ষানুষ্ঠান চিইচিৰ এটি শাখা ৮ জুন তাৰিখে তামুলপুৰত উদ্বোধন কৰা হয়৷ চি ই চি মুখ্য কাৰ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত দীপাংকৰ দত্তদেৱৰ উপস্থিতিত বিশিষ্ট শিক্ষাবিদ তথা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত নাৰায়ণ ব্ৰহ্মদেৱে উদ্বোধন কৰা এই অনুষ্ঠানত আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ এই অনুষ্ঠানতে তামুলপুৰ অঞ্চলৰ বহুকেইগৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা তথা অভিনন্দন জনোৱা হয়৷ উল্লেখ্য যে চিইচিৰ ইতিমধ্যে অসম তথা উত্তৰ পুৰ্বাঞ্চলত চিইচিৰ ১৭৫টাতকৈয়ো অধিক শাখা আছে আৰু বৰ্তমানলৈ ছয় লাখতকৈও অধিক ছাত্ৰছাত্ৰীয়ে চিইচিত নিজৰ পাঠ্যক্ৰম সমাপ্ত কৰিছে৷ তামুলপুৰ অঞ্চলৰ এগৰাকী স্থানীয় উদ্যোগী মহিলা শ্ৰীমতী গীতাঞ্জলি ৰাজবংশীৰ তত্ত্বাৱধানত বহুকেইটা অত্যাধুনিক কম্পিউটাৰেৰে স্থাপন হোৱা চিইচিৰ এই শাখাটোৱে কাৰিকৰী শিক্ষাৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰ-ছাত্ৰীসকলক চিইচিৰ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰা অনুমোদিত কম্পিউটাৰ, স্পকেন ইংলিছ, সাংবাদিকতা আদিকে ধৰি বিভিন্ন বৃত্তিমুলক পাঠ্যক্ৰম আগবঢ়াব।
###


