Robotics & AI Seminars by CEC at Damdama & Hajo
CEC, organised a series of special seminars on Robotics and Artificial Intelligence (AI) at its Damdama and Hajo centers on 18th June,2025. The seminars were attended by enthusiastic students & participants of the Damdama & Hajo area. A dedicated team of faculty members from CEC’s Head Office were present on the seminar and delivering key insights & demonstrating practical concepts of Advanced Robotics & AI.
A highlight of the seminars was the live demonstration of robots and their components, providing attendees with invaluable hands-on experience and a deeper understanding of these rapidly evolving fields. This practical approach aligns with CEC’s core philosophy of empowering students with the latest technological knowledge and skills.
The initiative is a direct reflection of the vision of CEC’s esteemed Founder President, Mr. Dipankar Dutta, who firmly believes in the importance of equipping every student with cutting-edge technological education. “Our goal is to ensure that students in even the most remote areas have access to the knowledge and tools that will shape their future,” stated Mr. Dutta. “We have already organised such seminars in Tihu & Nalbari centres of CEC and we are planning to organise such seminars in many places of Assam & North East. These seminars are just the beginning of our journey to bridge the technology gap and foster innovation.”
Following the success of the Damdama and Hajo seminars, CEC announced plans to expand these educational initiatives to every nook and corner of North East India. This ambitious undertaking underscores CEC’s dedication to making advanced technological education accessible to a wider student population, preparing them for the demands of the modern workforce and fostering a new generation of innovators.
-x-
দমদমা আৰু হাজোত চিইচিৰ ৰবটিক্স আৰু এআই বিষয়ক ছেমিনাৰ
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম কাৰিকৰী তথা বৃত্তিমুলক শিক্ষা প্ৰতিষ্ঠান চি.ই.চিয়ে ১৮ জুন, ২০২৫ তাৰিখে চি.ই.চিৰ দমদমা আৰু হাজো কেন্দ্ৰত ৰবটিক্স আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই) বিষয়ক এক বিশেষ ছেমিনাৰৰ আয়োজন কৰে৷ এই ছেমিনাৰত দমদমা আৰু হাজো অঞ্চলৰ বহুসংখ্যক উৎসাহী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ এই ছেমিনাৰত চিইচিৰ মুখ্য কাৰ্যালয়ৰ পৰা যোৱা প্ৰশিক্ষকৰ দল এটাই ছাত্ৰ-ছাত্ৰীসকলৰ সমুখত ৰবটিক্স আৰু এআইৰ ব্যৱহাৰিক মডেল প্ৰদৰ্শন কৰে৷ এই ছেমিনাৰৰ এক বিশেষ আকৰ্ষণ আছিল ৰবট আৰু ৰবটিক্সত ব্যৱহৃত বিভিন্ন প্ৰণালীসমূহৰ প্ৰদৰ্শন, যিয়ে এই ছেমিনাৰৰ অংশগ্ৰহণকাৰীসকলক ৰবটিক্সৰ প্ৰযুক্তিগত ব্যৱহাৰিক জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধ কৰাত সহায় কৰে৷
এই ছেমিনাৰৰ বিষয়ে চিইচিৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত দীপাংকৰ দত্তই কয় “আমাৰ লক্ষ্য হৈছে যে অসম তথা উত্তৰপুৱ আটাইতকৈ দূৰৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও যাতে ৰবটিক্স আৰু এআইৰ দৰে উন্নতমানৰ প্ৰযুক্তিৰ বিষয়ে ব্যৱহাৰিক জ্ঞান লাভ কৰিব পাৰে৷ আগতেও আমি আমাৰ নলবাৰী আৰু টিহু কেন্দ্ৰত এনে ধৰণৰ ছেমিনাৰ অনুষ্ঠিত কৰিছো৷ এই ছেমিনাৰসমূহ অসম তথা উত্তৰপুৱৰ দূৰৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰযুক্তিগত ব্যৱধান দূৰ কৰি উদ্ভাৱনক প্ৰসাৰিত কৰাৰ আমাৰ যাত্ৰাৰ এক আৰম্ভণি।”
শেহতীয়াকৈ চিইচিয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (এআই), ৰবটিক্স, ভ্লগিং, ব্লগিং আৰু থ্ৰীডি গ্রাফিক্সৰ কিছুমান বিশেষ পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পাঠ্যক্ৰমসমূহে ছাত্ৰ-ছাত্ৰীসকলক আজিৰ দ্ৰুতগতিত বিকশিত হোৱা প্ৰযুক্তিগত পৰিৱেশত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সমৃদ্ধ কৰিব পাৰিব বুলি আশা কৰা হৈছে৷
★★★






